স্কুলীয়া দিনৰ সোণালী স্মৃতি
জীৱন গতিশীল ।
আমি জীৱনটোক যিমান দীঘল বুলি ভাবো সিমান দীঘলো নহয় জীৱনটো । আজি মোক মোৰ হাইস্কুলীয়া দিনৰ কিছুমান স্মৃতিয়ে নষ্টালজিক কৰি তুলিছে । মনত পৰিছে সেই সোণালী দিনবোৰলৈ । যোৱা শতিকাৰ শেষৰ দশকৰ সেই দিনবোৰ সঁচাই মধুৰ আছিল । প্ৰতিজনৰে এই দিনবোৰ সুন্দৰেই হয় ।
সময় আগবঢ়াৰ লগে লগে জীৱন সলনিও হয় । আগৰ বন্ধুসকলৰপৰা আঁতৰি যাব লগা হয় । নিজ পৰিয়াল আৰু কৰ্ত্যব্যৰ তাড়নাত । মনত পৰিছে বন্ধু আৰু সেই সময়ৰ প্ৰতিদ্বন্দী সকললৈ । ৰিজাল্টৰ দিনবোৰ বৰ কঠিন আছিল । অংক বৰ্ডত কৰিবলৈ দিব বুলি আগৰ বেঞ্চৰ লৰাৰ মূৰৰ আৰত নিজকে লুকুৱাবলৈ কৰা ব্যৰ্থ চেষ্টাবোৰ, জিৰণি সময়ত টেটেলি খাবলৈ যোৱাৰ স্মৃতিবোৰ , Center Freshar লগত দিয়া ক্ৰিকেটাৰৰ কাৰ্ডবোৰ আৰু যে কত কিমান ......
স্কুলখন দেখি থাকোঁ কিন্তু বন্ধুবোৰ যে নাই...
অজানিতে চকুবোৰ সেমেকি আহে । তেতিয়া কাজিয়া লগা বন্ধুবোৰ বিচাৰি আজি যেন হাহাকাৰ লাগে ।
বাদ দিছোঁ অনুভূতিবোৰ ......
বন্ধুসকলৰ কথা পিছত লিখিম । আজি সেই সময়ৰ অন্য কিছুমান লগৰীয়াৰ বিষয়েহে কম । এইসমূহক এৰি সেই সময়বোৰ যেন সম্পূৰ্ণ নহয় ।
১. চেলপার্ক চিয়াঁহী, ৱিনচাঙ কলম আৰু নতৰাজৰ পেঞ্চিল ।
২. ৰাজ কমিক্স আৰু চুপাৰ হিৰো সকল
৩. বিগ ফান আৰু চেণ্টাৰ ফ্ৰেশ ৰ কাৰ্ড
৪. Hero Ranger চাইকেল
৫. শক্তিমান , চন্দ্ৰকান্তা, ঔম নমঃ শিবায়, জয় হনুমান ইত্যাদি টিভি চিৰিয়েল...
৬. টেনিছ বল ক্ৰিকেট
৭. জিজ্ঞাস বার্তালোচনী আৰু আজৰি পৰৰ ধেমালি আলোচনী ।
৮. বন্ধুৰ ঘৰত থাকিবলৈ যোৱাৰ আমেজ ।
৯. টিভি এন্টিনা আৰু দেওবাৰৰ গোলমাল
১০. Poppins
Comments
Post a Comment