সূৰ্য উদয় যদি লক্ষ্য আমাৰ

সূৰ্য উদয় যদি লক্ষ্য আমাৰ
সূৰ্যাস্তৰ পিনে ধাৱমান কিয়?
শীতল বৃষ্টি যদি কাম্য আমাৰ
অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়?
কেতিয়াবা দেউতাৰ চকু দুটা পোৰে
বুঢ়ী আয়ে নিজৰে চকুপানী পিয়ে
দেশৰ ৰাইখনে প্ৰাপ্য বিচাৰি
নিজৰে ডিঙি পাতি দিয়ে।
ভাবিছিলোঁ কিবা, পিছে হʼলগৈ কিবা
অঙ্কটো নিমিলা হʼল।
সমৃদ্ধি সপোন ভাগি ছিগি
পৃথিৱী নিমাতী হʼল এʼ আই
পৃথিৱী নিমাতী হʼল।
সমাজ ঘড়ী আজি থমকিছে কিয়?
অনাবৃষ্টি খেদি ফুৰিছোঁনো কিয়?
সূৰ্য উদয় যদি লক্ষ্য আমাৰ
সূৰ্যাস্তৰ পিনে ধাৱমান কিয়?
শীতল বৃষ্টি যদি কাম্য আমাৰ
অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়?
সংজ্ঞা বিহীন শান্তিৰ ভাৱনা
পুৰণি গুহাত লুকায়
অৱচেতনাৰ আৰ্তনাদেৰে
নিজকে নিজেই ঘপিয়ায়।
বহুদিন হʼল--খৰাং বতৰ
ক্ষয় চিহ্নিত ভালপোৱা
বড়গছ শিপা আৰু কঠিয়া তলিত
তেজ ঢালিবলৈ যোৱা।
খাৰ ঢালিবলৈ যোৱা
হওক কলিজাৰ তেজবোৰ
কাজল কাজল মেঘ
মৃত ভাইটিৰ চকু কৃষ্ণচূড়া
মৃত ভাইটিৰ চকু কৃষ্ণচূড়া
ব্যক্তি গোষ্ঠী মিলি বোৱাওঁ আহা
শান্তিৰ শীতল নিজৰা
আৰু সময় নষ্ট কৰোঁ কিয়?
সূৰ্য উদয় যদি লক্ষ্য আমাৰ
সূৰ্যাস্তৰ পিনে ধাবমান কিয়?

ডঃ ভূপেন হাজৰিকা

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar