Lyrics Dhulikona Zubeen Garg feat. Zublee & Panchana Rabha

ধূলিকণা অঘৰী কবিতা উনমনা বিচাৰি ঠিকনা ধূলিকণা বাউলী কণিকা উনমনা চিনাকি পখিলা

ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি


পাশুৱাল পাহাৰো বগুৱা বাই আওখি যাযাবৰ পৰশে মহনা পায় সাতুৰি জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী ধূলিকণা অঘৰী কবিতা উনমনা বিচাৰি ঠিকনা জোনাকৰ নীলা ওঠেৰে বননিৰ দেহা চুমিলে নিঠা লাগে দুচকুতে

এটুপাল চেচা নিয়ৰে

জননীৰ হিয়া দহিলে তৃখা জাগে শিৰে শিৰে আঘাতৰ নিমাত চিঞৰে উশাহৰ মিচিল সাবতে ঘনে ঘনে ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি পাশুৱাল পাহাৰো বগুৱা বাই আওখি যাযাবৰ পৰশে মহনা পায় সাতুৰি জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী ধূলিকণা অঘৰী কবিতা উনমনা বিচাৰি ঠিকনা দাৱৰৰ বগা কপাহে বাৰিষাৰ চোলা পিন্ধিলে টুপা টুপে ঘাম হৰে ভাগৰৰ চহা খেতিতে আঘোণৰ জিয়া ফছলে থুকা থুকে হাঁহি মাৰে নিয়তীৰ নিজা নিয়মে শিহৰণ জগায় তেজতে বাৰে বাৰে ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি পাশুৱাল পাহাৰো বগুৱা বাই আওখি যাযাবৰ পৰশে মহনা পায় সাতুৰি জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী ধূলিকণা বাওলী কণিকা উনমনা না না না নানানা না না না নানানা নানা নানা না না না নানানানা নানা নানা না না না নানানানা

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar