বিয়া (এটি গল্প)
বিয়া, সকলোৰে এক চিনাকি শব্দ ।
আজি পিছে এখন নোহোৱা বিয়াৰ কথা কব লৈছোঁ। বুঢ়া লোকে কৈ গৈছে যে বিয়া ওপৰত ঠিক হয়। এইক্ষেত্ৰত ই যেন এশ শতাংশই ফালিয়ালে । স্কুলৰ দিনৰ ভাললগাৰ পৰা আৰম্ভ এই কাহিনীৰ । প্ৰেমৰ পৰিভাষা নুবুজোতেই আৰম্ভ এই কাহিনীৰ । চকুত চকু থৈ কথা পাতিব নোৱাৰিছিল দুইটাই । ইটোৱে সিটোক দেখিলে , বন্ধুৰ লগত হাঁহি খিকিন্দালি কৰাটোও বান্ধ হৈ গৈছিল । এক অবুজ ভাৱনা । এক মিঠা শিহৰণ । স্কুলীয়া জীৱন শেষ হৈ গল কিন্তু ওচৰৰ পৰা ইজনে সিজনৰ মাতটোও নুশুনিলে ।
জীৱন গতিৱান । জীৱনৰ সোঁতত মানুহ উটি যায় । সিহঁতৰ জীৱনে গতি সলালে । দুয়ো দুটা দিশত আগবাঢ়ি গল। যৌৱনো যেন আগৰ স্মৃতিতে থমকি ৰল । প্ৰেমৰ সংজ্ঞা যেন বিচাৰি নাপালে সিহঁতে । পাৰ হল জীৱনৰ বহু সেমেকা বসন্ত ।
লৰাজনে দেশৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানত চাকৰি পালে। ছোৱালীজনীয়ে কলেজত প্ৰবক্তা হিচাপে কৰ্মৰত । মাজৰ এই সময়ছোৱাত সিহঁত মুখামুখি হোৱা নাছিল। এদিন ঘপককৈ বজাৰত মুখামুখি হল সিহঁত । ভাল বেয়া সোধাৰ বাদে বিশেষ কথা নহল ।
লৰাজনে ফেচবুকত তাইক বিচাৰি পায় কথা পাতিব বিচাৰিছিল । এটা মাথোঁ উত্তৰ পালে , "মই অকলেই সুখী" ।
সময় পাৰ হল । ফেচবুকত মাথোঁ কেতিয়াবা দেখা হয় সিহঁতৰ। এদিন সি সুধিছিল তাইক বিয়াৰ কথা কি হৈছে বুলি । কিন্তু প্ৰত্যুত্তৰ নাপালে ।
পাৰ হল আৰু দুটা বছৰ । ছোৱালীজনীৰ বিয়া ঠিক হল । বিয়াৰ দিনা ৰাতি ন বজাত তাই লৰাটোলৈ বিয়াৰ খবৰ দিলে।
"জীৱনত এবাৰ চাগে মোৰ কাৰোবাক ভাল লাগিছিল আৰু সেয়া তুমি। তুমিও মোক ভাল পাইছিলা বুলি মই জানো। তুমি মোক বিয়া পাতিব বিচাৰিছিলা মই জানো। তুমিও মোক কব নোৱাৰিলা আৰু মইও। আজি মোৰ বিয়া । তোমাক মিছ কৰিছোঁ দৰাৰ সাজত । তুমি যদি আজি দৰা হৈ আহিলাহলে, মই পৃথিৱীৰ আটাইতকৈ সুখী নাৰী হলো হলে । আজি মই দুখী । মই আজি কান্দিছোঁ কিন্তু তোমাৰ বাবে মাথোঁ । বিদায় । অহা জনমত লগ পাম।"
পিছদিনা সি চালে । সময় যে পাৰ হৈ গল। দুখ কৰাৰ বাদে কৰিবলৈ একো নাই।
সময় বাগৰি গল লৰাজনেও বিয়া পাতিলে। সুখৰ সংসাৰ হল। কিন্তু কিবা এটা যেন জীৱনত নোপোৱাকৈয়ে জীৱনটো পাৰ হৈ গল ।
সময়ে বহুকাথাই শিকাই মানুহক । সুখৰ সংজ্ঞাও সময়ৰ লগত সলনি হৈ যায় । দুখো সময়ৰ লগত সলনি হয় । পৰিয়ালৰ দায়িত্বই জীৱনটোক অন্য দিশলৈ লৈ যায় ।
সময় বাগৰিল আকৌ এদিন দুয়ো লগ হল বজাৰত । এইবাৰ কিন্তু তাই বগা সাজত । দুয়ো কথা পাতিলে । লৰাজনৰ পত্নীৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল । তাইৰ স্বামীৰ বেমাৰত ।
দুয়ো মাজে মাজে লগ হব ধৰিলে । তেওঁলোকৰ লৰালী যেন ঘূৰি আহিছিল। পঞ্চাশউৰ্ধ কালতো মোচগুল হৈছিল প্ৰেমত। দুয়ো একেলগে থকাৰ সিদ্ধান্ত লৈছিল। তাইৰ দেহৰ উত্তপত মতলীয়া হৈছিল সি । পাহৰি গৈছিল লৰা ছোৱালীৰ কথা। প্ৰেম মাথোঁ প্ৰেম। এইবাৰ সিহঁতে বিয়াৰ সিদ্ধান্ত লৈছিল । কিন্তু........
নিবিড় পাংগিং
Comments
Post a Comment