ভাত (এটা কাহিনী)

এটি সুখী পৰিয়াল । পতি পত্নী আৰু দুটি সন্তান । এটি লৰা আৰু এজনী ছোৱালী । ছোৱালীজনী ডাঙৰ । দেউতাকে দিনটো কাম কৰে আৰু সুখেৰে দিনবোৰ পাৰ হৈছিল ।
এদিন হঠাৎ দেউতাকৰ অসুখ হল আৰু এমাহমানৰ পিছত তেওঁৰ মৃত্যু হল । সকলো আহিল খুব ধুমধামেৰে শ্ৰাদ্ধ কাৰ্য্য সমাধা   হল । গৃহিণী মাকে দুটি সন্তানক লগত লৈ কিছুদিন পাৰ কৰিলে । ধাৰ লৈ আৰু কিছুদিন পাৰ হল ।
কিন্তু কিমান দিন? এটা দিন আহিল যিদিনা কোনেও তেওঁলোকক সহায় নকৰা হল । খাবলৈ নাপাই তেওঁলোকৰ অৱস্থা তথৈবচ ।
এদিন পেটৰ ভোক সহিব নোৱাৰি ছোৱালীজনীয়ে মাকক সুধিলে "মা ভাইটি কেতিয়া মৰিব । দেউতা মৰোঁতে খাবলৈ পাইছিলোঁ । ই মাৰিলেও পাম ।"
কাহিনীটো হয়তো আমি শুনিছোঁ কিন্তু হোটেলত , বিয়া, পাৰ্টিবোৰত আমি কিমান খাদ্য নষ্ট কৰিছোঁ । এইসকলৰ বাবে অলপ ভাৱক । খাদ্যৰ বিলাসীতাই কওঁ বা অভিজাত্যই কওঁ , ই আমাক দুৰ্ভিক্ষৰ দিশলৈ লৈ যোৱা নাইতো?
(সংগৃহীত)

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar