এটা কবিতা: তুমি সূৰ্য আৰু মই........

তুমি মোৰ জীৱন সূৰ্য
তোমাক কেন্দ্ৰ কৰিয়ে অবিৰত ভাৱে ঘূৰি ফুৰে
মোৰ আশা আৰু সপোনৰূপী গ্ৰহবোৰে ।

তুমি থাকিলে মোৰ একো নহয় মই জানো
নিদিয়া তুমি নিৰাশাৰ ধুমকেতুক মোৰ জীৱনলৈ আহিবলৈ
হতাশাৰ গ্ৰহানুৱে মোক চুব নোৱাৰে তুমি থকালৈকে...

কিন্তু কিয়....
কিয় তুমি মোৰ হতে লুকাভাকু খেলি ভাল পোৱা
কিয় নিজক জ্বলাই মোক কষ্ট দিবলৈ যোৱা ।

তুমি জানাই তোমাক এৰি মই এটা শূণ্য ।
তুমি যি পথেৰে যোৱা সেই পথেৰে মই তোমাৰ লগত থাকিম ।
তুমি হাঁহিলে মইও হাঁহিম
আৰু কান্দিলে???
নাই মই তোমাক কান্দিব নিদিওঁ কাহানিও ...
আমি দুয়ো এনেদৰেই সদায় থাকিম...
সুখৰ ব্ৰহ্মাণ্ডত এনেকৈয়ে থাকিম যোগ যোগান্তৰলৈ

আৰু যদি কেতিয়াবা......
তুমি সলনি হোৱা কৃষ্ণ গহ্বৰলৈ....
তেতিয়াও চাবা মই তোমাৰ মাজতে লিন হৈ যাম ।

✍️নিবিড় পাংগিং
     ০৫/০৭/২০২০

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar