ৰজা আৰু ভাটৌ চৰাই

পুৰণি কালত আমাৰ দেশত বিক্ৰমাদিত্য নামৰ এজন ৰজা আছিল । তেওঁ প্ৰজাৰ সুখ দুখৰ কথা নিজে ভূ লবলৈ বুলি কেতিয়াবা ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল ।
এনেকৈ ঘূৰি ফুৰোতে ৰজাই এদিন এজন মানুহৰ ঘৰত এটা ভাটৌ চৰাই দেখিলে । ৰজাক দেখি চৰাইটোৱে "ৰবি ৰবি, ধৰ ধৰ , মাৰ মাৰ কৈ চিঞৰি উঠিল ।
আকৌ আন এদিনৰ কথা। ৰজাই আন এঘৰত এটি ভাটৌ দেখা পালে । ৰজাক দেখি চৰাইটোৱে "নমস্কাৰ, আহক বহক" বুলি মাতিবলৈ ধৰিলে ।
ৰজা আচৰিত হল । তেওঁ ভাবিলে দুয়োটা একে ভাটৌ চৰাই । অথচ এটাৰ মুখত "ৰবি ধৰ ধৰ মাৰ মাৰ মাত" আৰু আনটোৰ মুখত "নমস্কাৰ, আহক বাহক" মাত । ৰজাৰ মনত কৌতুহল উপজিল । তেওঁ সকলো কথাৰ ভূ লৈ জানিব পাৰিলে যে ৰবি ৰবি ধৰ ধৰ মাৰ কৈ মতা ভাটৌটো এজন দুষ্ট লোকে পুহিছিল । তাৰ হুতা কথা শুনি শুনি তাৰো মাতকথা হুতা হল। আনটো ভাটৌ এজন সাধুলোকে পুহিছিল । সাধুৰ ঘৰত সদায় সজ কথা শুনি তাৰ মাতকথাবোৰো শুৱলা হৈ পৰিল ।
সেয়ে যেনে সংগত বাস কৰে তাৰো মাত কথা , স্বভাৱ চৰিত্ৰ আদি তেনে হয় । সজ সঙ্গত বাস কৰিলে লোক সজ হয় আৰু অসজ সঙ্গত বাস কৰিলে অসজ হয় ।

Comments

Popular posts from this blog

মই দুৰাচাৰ

স্কুলীয়া দিনৰ সোণালী স্মৃতি

Anamika Lyrics by Mr Rajkumar